
গুৱাহাটীঃ দিল্লীৰ Constitution Clubত অনুষ্ঠিত বিতৰ্কিত NRCৰ সভাৰ উদ্যোক্তাৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে৷ অসম আৰক্ষীৰ এটা দলে দেওবাৰে Delhi Action Committee for Assamৰ সভাপতি বনজিৎ হুছেইন আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আম্ৰপালী বসুমতাৰীক প্ৰায় তিনি ঘন্টা সোধ-পোছ কৰে৷ দিল্লীৰ মৌড়িস আৰক্ষী থানাত তিনি ঘন্টা ধৰি সোধ-পোছ কৰাত নতুন তথ্য লাভ কৰাৰ সন্দেহ কৰা হৈছে৷ ইতিমধ্যে শনিবাৰে অসম আৰক্ষীৰ এটা দল Constitution Clubত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ক্নাবৰ লোকক সোধ-পোছ কৰে৷
Delhi Action Committee for Assamৰ সভাপতি তথা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ পুত্ৰ বনজিৎ হুছেইনক দিল্লীৰ অসম হাউচলৈ সোধ-পোছৰ বাবে আৰক্ষীয়ে মাতিছিল যদিও আহিবলৈ অমান্তি হয়৷ তাৰ পিছত এখন কেফেত লগ কৰাৰ বাবে আৰক্ষীক কোৱা হৈছিল৷ অৱশেষত দিল্লীৰ অধ্যাপিকা আম্ৰপালী বসুমতাৰী আৰু বনজিৎ হুছেইনক অসম আৰক্ষীয়ে দিল্লীৰ মৌড়িস আৰক্ষী থানাত সোধ-পোছ কৰে৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ এটা দল বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয়।
দলটোক দিল্লী আৰক্ষীয়ে সহায় কৰা বুলিও জানিব পৰা গৈছে৷১৩ নৱেম্বৰৰ দিল্লীৰ বিতৰ্কিত NRCৰ সন্দৰ্ভত Constitution Clubত অনুষ্ঠিত সভাক অসম আৰক্ষীয়ে গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পূৰ্বে সভাত অংশ গ্ৰহণ কৰা অসমৰ বুদ্ধিজীৱীক আৰক্ষীয়ে সোধ-পোছ কৰে৷ যোৱা বৃহস্পতিবাৰে নিশা ফটাশীল আৰক্ষীয়ে বনজিৎ হুছেইনৰ পিতৃ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ ঘৰত উপস্থিত হৈ সোধ-পোছ কৰে৷ বহু সময় ধৰি সোধ-পোছ কৰাৰ অন্তত আৰক্ষীয়ে হাইদৰ হুছেইনৰ ঘৰৰ পৰা ওলাই আহে৷
আনহাতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই শুকুৰবাৰে ফটাশিল আৰক্ষী থানাত হাজিৰ হয়৷বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, অপূৰ্ব বৰাকো থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷ ড০ হীৰেন গোহাঁই ৰাজ্যৰ বাহিৰত থকা বুলি জানিব পৰা গৈছে৷ ফটাশিল আমবাৰী থানাত হাজিৰ হ’ব লাগিব তেওলোক। সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱা, সাংবাদিক হাইদৰ হুছেইন, কোকৰাঝাৰৰ সাসংদ নৱ শৰনীয়া, হাফিজ ৰছিদ আহমেদ চৌধুৰী, আব্দুল মান্নানকে ধৰি কেইবাগাৰকী অসমৰ বুদ্ধিজীৱী উপস্থিত আছিল দিল্লীত অনুষ্ঠিত NRCৰ সম্পৰ্কত অনুষ্ঠিত সভাত৷
বিশেষ সভা খনত অংশ গ্ৰহণ কৰি জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৫০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কছিল৷ ইমানে নহয় অসমত ম্যানমাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি চিন্তা ব্যক্ত কৰিছিল৷ তাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছিল ধুমুহাৰ৷ অসমৰ কেইবাগৰাকী বুদ্ধিজীৱী উপস্থিত থকা সভাত আৰ্শ্বাদ মাদানীয়ে ভয়ংকৰ মন্তব্য দিয়া কাৰ্যক ৰাজ্যবাসীয়ে সহজে লোৱা নাছিল৷
ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ থানাত বিশ্বজিৎ নাথে গোচৰ ৰুজু কৰাৰ লগতে সাম্প্ৰদায়িক আৰু উচটনিমূলক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি দেৰগাঁৱৰ সচেতন যুৱক ৰিপুল দাসৰ লগতে মহানগৰীৰ ফটাশীল থানাৰ লগতে মুঠ ছয়টা গোচৰ ৰুজু হয় ৰাজ্যৰ থানাত৷ মদানীৰ সাম্প্ৰদায়িতক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে ৰাজ্যবাসীয়ে৷ ফটাশিল আমবাৰী থানাৰ ৪১৩/১৭নং গোচৰ ৰুজু হয়।
১৩ নৱেম্বৰত দিল্লীত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে NRCত প্ৰায় ৫০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷ প্ৰায় ৫০ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷ পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিবলৈ মাদানী কোন বুলিও একাংশ লোকে প্ৰশ্ন কৰে৷