বৰপেটাঃ শিক্ষানুষ্ঠান হৈছে জ্ঞানৰ মন্দিৰ,শিক্ষাৰ আলয় ৷ য’ৰ পৰা সৃষ্টি হয় ভৱিষ্যত সমাজৰ একো একোজন সুদক্ষ নেতা, সমাজকৰ্মী, সাহিত্যিক, শিক্ষক, সাংবাদিক, অভিযন্তা, ডাক্তৰ, কৃষক, বনুৱা আদি ৷ আমাৰ ভৱিষ্যত আশা ভৰষাৰ স্থলী হ’ল এই বিদ্যালয়সমূহ ৷

সাংস্কৃতিক, আৰ্থ-সামাজিক আৰু বৌদ্ধিক বিকাশত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি অহা তেনে এখন ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈছে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ এই শিক্ষানুষ্ঠানখনে শিক্ষাৰ পোহৰ বিলাই ইতিমধ্যে সগৌৰৱে ৭৫ বছৰ অতিক্ৰম কৰিলে৷ সেয়ে  চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম পষেকত অনুষ্ঠিত কৰা হ’ব ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷

গৌৰৱোজ্বল ৭৫ বছৰ অতিক্ৰম কৰা পূব বৰপেটাৰ বাউসী অঞ্চলবাসীৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ভেল্লাত অৱস্থিত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে ২০১৬ বৰ্ষৰ মাৰ্চ মাহৰ ২৭ তাৰিখে বৰ্ণিল কাৰ্যসূচীৰে বাউসী অঞ্চলবাসীৰ সহযোগত অতি উলহ-মালহেৰে মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰিছিল। চেঙা সমষ্টিৰ স্থানীয় বিধায়ক তথা কংগ্ৰেছ চৰকাৰৰ  মন্ত্ৰীত্বৰ দায়িত্বত থকা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলীক সভাপতি হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছিল অঞ্চলটেৰ ৰাইজে ৷ কিন্তু বিশেষ কাৰণত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পৰ্কে কোনো ধৰণৰ সিদ্ধান্ত ল’ব নোৱাৰিলে মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে ।

বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপনক লৈ কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ’ব নোৱৰা বিষয়টোক লৈ অঞ্চলটোৰ ৰাইজৰ মাজতো বিৰূপ সমালোচনা চলি আহিছিল ৷ অৱশেষত ২৭ জানুৱাৰীত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন গাঁৱৰ লোক, বিদ্যালয়খনত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰীৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত  বিদ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত হয় ৷

সভাখনত মুলতঃ বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা সম্পৰ্কে আলোচনা হয় । বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি উপেন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অহা ডিচেম্বৰ মাহৰ প্ৰথম পষেকৰ ভিতৰত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহন কৰা হয় ।

আনহাতে  মহাৰজত জয়ন্তী অনুষ্ঠানটিৰ সামৰণি অনুষ্ঠান সুকলমে সম্পন্ন হোৱাৰ কামনাৰে মহাৰজত জয়ন্তী উদযাপন সমিতিখনৰ বিষয়-বাবৰো কিছু সালসলনি ঘটোৱা হয় ৷ সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মহাৰজত জয়ন্তী উদযাপন সমিতিৰ মূখ্য পৃষ্ঠপোষক, অসমৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা জিলা উপায়ুক্তক পৃষ্ঠপোষক হিচাপে লৈ উদযাপন সমিতিখন পুনৰগঠন কৰা হয় ।

এই সভাতে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনচাৰী আলী আহমেদ আৰু বৰ্তমানৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাসক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচন কৰাৰ লগতে ৰুবুল আলীক প্ৰদৰ্শনী উপ সমিতিৰ সভাপতি, ভেল্লা গাওঁ পঞ্চায়তৰ সভাপতি কাৰাৰ আলীক ৰভানিৰ্মাণ উপ সমিতিৰ সভাপতি, ভেল্লা আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰাণী বেগমক মঞ্চ নিৰ্মাণ উপসমিতিৰ সভানেত্ৰী, কৰুণা কান্ত দাসক তোৰণ উপসমিতিৰ সভাপতি আৰু মিচবাউদ্দিন (অনুজ)ক  উপসভাপতি, সঞ্জীৱ কুমাৰ পাঠকক পানী যোগান আৰু অনাময় সমিতিৰ সভাপতি, অধিবক্তা ধনী আলীক বিদ্যুৎ আৰু শব্দ উপ সমিতিৰ সভাপতি, ছাৰ্কাছ আৰু থিয়েটাৰ পৰিচালনা উপসমিতিত আব্বাচুজ জামানক সভাপতি, ফজল মহম্মদ চৌধুৰীক উপহাৰ খেল পৰিচালনা উপসমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হয় ।

ইপিনে শ্বেখ ৰফিকুল হকক সভাপতি, আজিজুল হক, চাইজুৰ ৰহমান, মুকুট আলীক লৈ প্ৰচাৰ সমিতিখন ইতিমধ্যে গঠন কৰা হৈছে । উল্লেখ্য যে বিদ্যালয় খনৰ মহাৰজত জয়ন্তী উদযাপনত স্থানীয় ৰাইজে অতি হেঁপাহেৰে স্থানীয় বিধায়ক শুকুৰ আলীক সভাপতি হিচাপে নিৰ্বাচন কৰিছিল। কিন্তু বিধায়ক গৰাকীয়ে আজিলৈকে কোনো এটা অনুষ্ঠানতে এখন্তেকৰ বাবেও উপস্থিত নথকা কথাক লৈ কেবাজনেও সভাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

আজিৰ সভাখনতে তেওঁৰ নিশ্চিত উপস্থিতি কামনা কৰি কেইবাগৰাকী ব্যক্তিয়ে তেওঁৰ সৈতে যোগাযোগ কৰিছিল যদিও বিধায়কগৰাকী সভাত উপস্থিত নহ'ল ৷ বিধায়ক গৰাকীৰ অবহেলাত আশ্চৰ্য প্ৰকাশ কৰিছে ৰাইজে। সভাত বাউসী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক লোক উপস্থিত থাকি মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান সুকলমে পালন কৰাৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি সভাত প্ৰকাশ কৰে।