দলংঘাটঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আজি জন্মদিন৷ বিজেপিয়া ভিন্ন কাৰ্যসুচীৰে মোদীৰ জন্মদিন পালন কৰে৷

দৰং জিলাৰ বালিপোতাতো বিজেপিৰ যুৱ মৰ্চা আৰু কলাইগাঁৱ মণ্ডলে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

কাৰ্যসূচীত উপস্থিত থাকে যুৱ মৰ্চাৰ সভাপতি জয়ন্ত ডেকা, সম্পাদক শশীন ডেকা, কলাইগাঁৱ মণ্ডল সমিতিৰ সহ সম্পাদক তৰুন ডেকা, ওদালগুৰি জিলাৰ অ'বি চি সমিতিৰ সম্পাদক কংকন নাথ, কেইবাগৰাকী বুথ সমিতিৰ সভাপতি গোপাল ডেকা, দুৰ্গেশ্বৰ মেধি, প্ৰভাত ডেকা আৰু ধ্ৰুৱ ডেকাৰ লগতে স্থানীয় লোক উপস্থিত থাকে৷