দৰংঃ আজি পুৱাই দৰঙৰ বেছিমাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী অট’ভান এখন পথত বাগৰি যোৱাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৫ জন যাত্ৰী গুৰুতৰভাৱে আহত হোৱাত অঞ্চলটোত উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে৷

মৃত্যু হোৱা মহিলা গৰাকী হৈছে ছহৰ ভানু(৬০)৷ আনহাতে গুৰুতৰভাৱে আহত মমিনুল ইছলাম, হনুফা বেগম, ৰহিমা বেগম(10)ক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনাগ্ৰস্ত অটোভানখনৰ নম্বৰ AS 13 C 6594। 

অটোভানবিলাকৰ সোঁফালে বাওঁফালে পুৰুষ মহিলাসকলক যাত্ৰী হিচাপে পাণ জপা দি বহুৱাই লৈ যায়। ফলত এনে ধৰণৰ ঘটনাই পুনৰাবৃত হয়। আনহাতে এনে কাৰ্য বন্ধ কৰিব লাগে বুলি ৰাইজে প্ৰশাসনক দাবী জনাইছে।