
খাৰুপেটীয়াঃ কণ-কণ শিশু সকলৰ লগতে যুৱপ্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰতিবছৰেই অসম চৰকাৰৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ নিৰ্দেশত দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অধীনত বেছিমাৰী ডায়মণ্ড ক্লাৱত আন আন বছৰত অনুষ্ঠিত কৰাৰ দৰে এইবাৰে আৰ্যভট্ট কেন্দ্ৰৰ উদ্যোগত বিজ্ঞানভিত্তিক বিভিন্ন কাৰ্যসূচী দলগাঁৱৰ বটাবাৰীস্থ চকৰাবস্তি এম ই মাদ্ৰাছাত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়৷
ৰফিক চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু বিজ্ঞানভিত্তিক বিভিন্ন আৰ্হি প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাত জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ তাচলিমা বেগমে প্ৰথম স্থান, সংস্কৃত বিদ্যাপীঠৰ ছুমায়া ইয়াছমিনে দ্বিতীয় স্থান আৰু জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ নাছাদ ফাৰহাই তৃতীয় স্থানত দখল কৰে।
আকস্মিক বক্তৃতাত বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজাহাৰ উদ্দিনে প্ৰথম স্থান, হোলী কিডচ ইংলিচ স্কুলৰ কবিৰ মেহবুব আলমে দ্বিতীয় স্থান আৰু দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ ফৰিদা ইয়াছমিনে তৃতীয় স্থান দখল কৰে। আনহাতে, বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুতকৰণত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ তমজিদা বেগম আৰু জেচমিনা বেগমে প্ৰথম স্থান, চকৰাবস্তি এম ই মাদ্ৰাছাৰ ছাদ্দাম হুছেইন আৰু জাকিৰ হুছেইনে দ্বিতীয় স্থান আৰু বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজাহাৰ উদ্দিন আৰু ছাদেক আলীৰ যুটীয়ে তৃতীয় স্থান লাভ কৰিবলৈ
সক্ষম হয়।
উক্ত কাৰ্য্যসুচীত বিশিষ্ট আমন্ত্ৰিত অতিথি দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়া ড°জোৱাহিৰা তবাচ্ছুম ,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দলগাঁও শিয়ালমাৰী ব্লকৰ ক্ষীতেশ্বৰ নাথ উপস্থিত থাকি কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি মুল্যবান ভাষণ আগবঢ়োৱাৰ সমান্তৰালকৈ বেছিমাৰী ব্লকৰ সমন্বয়ক দিলোৱাৰ হুছেইনেও ভাষণ আগবঢ়ায়৷