10
Jun
2017

ডিজিটেল ডেস্কঃ কথমপি প্ৰাণ ৰক্ষা পৰিল ডংগল কন্যা জায়ৰা ৱাছীমৰ৷ শুকুৰবাৰে নিশা শ্ৰীনগৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হোৱা অভিনেত্ৰীগৰাকীৰ কোনোমতেহে প্ৰাণ ৰক্ষা পৰে৷
দুৰ্ঘটনাটোত অভিনেত্ৰীগৰাকীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডাল হ্ৰদত সোমাই পৰে৷ ফলত অভিনেত্ৰীগৰাকীৰ লগত থকা বন্ধুজন সামান্য পৰিমাণে আহত হয়৷
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তীব্ৰ বেগত চলোৱা বাবেই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়৷ পিছত হ্ৰদটোৰ পৰা সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা হয় জায়ৰা সহিতে আন যাত্ৰীক।
গাড়ীখন কাশ্মীৰৰ কোনো নেতাৰ নামত পঞ্জীয়ন কৰা আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ উল্লেখ্য যে আমীৰ খানৰ দংগলত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল জায়ৰাই৷