
নাৰায়ণপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ সমানে সমানে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে লখিমপুৰ জিলাত ৷ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱৰ সৈতে সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ তাৰ সমানে সমানে নৃত্যৰ অনুষ্ঠানো অনুষ্ঠিত হ’ব৷
লখিমপুৰ জিলাৰ ধলপুৰ ডান্স একাডেমীৰ উদ্যোগত নৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে অহা ১২ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ নৃত্য প্ৰতিযোগিতা পৰিচালনা কৰাৰ বাবে মুকুল শইকীয়াক সভাপতি, মিনাৰাম বৰুৱাক কাৰ্যকৰী সভাপতি, যোগান শৰ্মা, বসন্ত হাজৰিকাক উপ-সভাপতি, কনক দাসক সম্পাদক, নিত্যানন্দ বৰুৱা, পলাশ বণিয়াক, সহঃ সম্পাদক, মনোজ দাস, অভিজিত বণিয়া, দীপাংকৰ কোঁৱৰক সাংস্কৃতিক সম্পাদক, মাধুৰ্য দাস, নিৰঞ্জন নাৰায়ণ দাসক কাৰ্যালয় সম্পাদক আৰু ইন্দু ভূষণ বৰা, ৰাজকিশোৰ বৰুৱাক প্ৰচাৰ সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰা হৈছে।
নৃত্য প্ৰতিযোগিতা ধলপুৰ প্ৰেছ ক্লাবে সহযোগ আগবঢ়াব বুলি জানিব পৰা গৈছে৷ কাৰ্যসূচী অনুসৰি ১২ নৱেম্বৰৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকাই। পুৱা ৮-৩০ বজাত প্ৰতিযোগীৰ নাম পঞ্জীয়ন আৰু ৮-৪৫ বজাত শ্বহীদ তৰ্পণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ধ্ৰুৱ বনিয়াই। পুৱা ৯ বজাত মঞ্চ উদ্বোধন কৰিব সমাজকর্মী অচ্যুৎ শইকীয়াই আৰু ১০ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নিশা বঁটা বিতৰণী সভাত বিভিন্ন প্ৰান্তৰ বিশিষ্ট অতিথি সকলৰ লগতে খ্যাতনামা কৰিঅ'গ্ৰাফাৰ অসীম বৈশ্য উপস্থিত থাকিব।