নামতিঃ শিৱসাগৰ জিলাৰ লাদৈগড় নৃত্য বিদ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত আধুনিক সৃষ্টিশীল নৃত্য প্রতিযোগিতাৰ আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে৷ অহা ২৪ চেপ্তেম্বৰত লাদৈগড় প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাৰ উদ্দেশ্যে অলপতে সুৰেন দত্তক সভাপতি কৃষ্ণ দুৱাৰাক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়৷

দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাত অষ্টম শ্রেণীৰ পর্যন্ত ছাত্র-ছাত্রীয়ে ক শাখাত আৰু নৱম শ্রেণী উৰ্ধ্বৰ ছাত্র-ছাত্রীয়ে খ শাখাত একক আৰু দলীয় ভাবে অংশগহণ কৰিব পাৰিব ৷

উক্ত প্রতিযোগিতা বিষয়ে সবিশেষ জানিবৰ বাবে  ৯১৩২৮৪৮৫৪৬ অথবা  ৯৬১৩৬৭৬৮৯০ ত কৰিবলৈ উদ্যোক্তা সকলে অনুৰোধ জনাইছে৷