newsnextone.com দৰং: দৰং জিলাৰ ছিপাঝাৰৰ সৰাবাৰী অঞ্চলত ধুমুহাৰ তাণ্ডৱে সোমবাৰে ৰাতি অহা কালধুমুহাই কলাইগাঁও আৰু ছিপাঝাৰ সমষ্টিৰ প্ৰায় ২০খন গাঁৱত চলালে তাণ্ডৱ৷ ধুমুহাত সমগ্ৰ অঞ্চল জুৰি বিস্তৰ ক্ষতি সাধন হয়৷

.

বিশেষকৈ চকীয়াপাৰা, নিজ সৰাবাৰী, বুঢ়াখাট, কটৰা,ৰাইজঘাট,বৰৰা,শান্তিপুখুৰী, শালৈপাৰা আদি অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয়৷ চকীয়াপাৰাৰ কেইবাটাও পৰিয়ালৰ  ঘৰ ভাঙি গৃহহাৰা হৈ পৰিছে। আনহাতে মংগলদৈ-মাজিকুচি গড়কাপ্তানি পথৰ সৰাবাৰীত প্ৰকাণ্ড গছ বাগৰি যাতায়ত ব্যাহত হৈ পৰিছে৷

বিজুলী তাঁৰ চিঙি বিজুলী যোগানো সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷ বৰ্তমানলৈকে বিদ্যুৎ বিভাগ আৰু ৰাজহ চক্ৰ বিভাগৰ কোনো বিষয়া উপস্থিত নোহোৱাত  স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷