
newsnextone.com | মঙলদৈঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷
৩০ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এন আৰ চিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে দৰং জিলাত। তাৰ মাজতে শনিবাৰে এন আৰ চি বিষয়ত জিলা উপায়ুক্ত অশোক বৰ্মন আৰু আৰক্ষী অধীক্ষক শ্ৰী জিৎ টীয়ে এখন সংবাদ মেল আয়োজন কৰি চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে জিলা প্ৰশাসন সাজু থকা বুলি কয়।
প্ৰশাসনে এনআৰচিৰ খচৰা প্ৰকাশ পোৱাৰ পিছতে এটা কক্ষ খোলাৰ কথা প্ৰকাশ কৰে। কক্ষত NRC খচৰা সন্দৰ্ভত দৰং প্ৰশাসনৰ পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে যিকোনো খবৰ দিব পাৰিব বুলি কয়। ২২২২১৩-২২২৭২৩ লেণ্ড লাইন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও কয় জিলা উপায়ুক্তই। এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে আৰক্ষী থানা সমূহত একোটাকৈ আৰক্ষীৰ সষ্টম হৈ থাকিব বুলি কৈ সংবাদ মেলত যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলাখনত ১০টাকৈ অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দল সষ্টম কৰি ৰখা বুলি উল্লেখ কৰে প্ৰশাসনে।