
দৰংঃ দৰঙৰ খাৰুপেটীয়াত শুকুৰবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে যুৱক এজন নিহত হয়৷ জানিব পৰা মতে, AS 01 GC 1966 নম্বৰৰ তিনিচুকীয়া মুখী নৈশ বাছ এখনে AS 23 C 0011 চেন্ট্ৰ’ গাড়ী এখনক প্ৰচণ্ড জোৰেৰে খুন্দিওৱাৰ ফলতএই দুৰ্ঘটনা সংঘটিত হয়৷
নিহত যুৱকজন খাৰুপেটীয়া হস্পিতাল ৰোডৰ নিজ নগাজান গাঁৱৰ আব্দুৰ ৰৌফ বুলি জানিব ৰৰা গৈছে৷ খাৰুপেটীয়া টাউনৰ আছাম অইলৰ ডিপোৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা৷
ইপিনে ঘটনা সংঘটিত কৰি নৈশ বাছখনে পলায়ন কৰে যদিও দলগাঁও আৰক্ষীয়ে গাড়ীখনক আটক কৰে৷ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷