nesnextone.com| তেজপুৰঃ শোণিতপুৰ জিলাৰ অন্যতম এখন আগশাৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দৰং মহাবিদ্যালয়ত যোৱাকালি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। অনুষ্ঠিত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ সকলো সমৰ্থিত প্ৰাৰ্থিৰ বৃহৎ জয় লাভে আছুৰ কৰ্মী সকলৰ মাজত আনন্দৰ জোৱাঁৰ আনিছে। ABVP আৰু NSUI ক ধুলিসাৎ কৰি পুনৰ আছুৰ দখললৈ আহিল দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা।

উক্ত নিৰ্বাচনত সভাপতি পদত তৃশানু ভূঞা ,উপ সভাপতি পদত শোভাগিনী তালুকদাৰ, সাধাৰণ সম্পাদক গীতাৰ্থ হাজৰিকা, সহ:সাধাৰণ সম্পাদক অভিনাশ হাজৰিকা, সাহিত্য বিভাগত অংকুৰ জ্যোতি দাস, সাংস্কৃতিক বিভাগত হিমাংশু বৰা, তৰ্ক আৰু যুক্তি বিভাগত প্ৰাণজিৎ নাথ, চিত্ৰ-শিল্প বিভাগত আকাংশা কোঁচ, ব্যায়ামগাৰ বিভাগত বেলেৰিয়াছ বসুমতাৰী, ক্ৰিড়া বিভাগত যুগল বৰা, আন্ত:ক্ৰিড়া বিভাগত মিন্টু পাঠক, বৰ্হিক্ৰিড়া বিভাগত চিন্ময় ডেকা, ছাত্ৰ জিৰণি কোঠা বিভাগত ৰক্তিম বৰা, ছাত্ৰী জিৰণি কোঠা বিভাগত শিল্পীশিখা দাস, সমাজসেৱা বিভাগত গৌতম শইকীয়াই জয় লাভ কৰে। সৰ্বমুঠ ১৫ জন আছুৰ প্ৰাৰ্থি ১৫ টা স্থানতে  জয় লাভ কৰাত আছুৰকৰ্মীসকলৰ মাজত এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰিছে।