
মঙলদৈঃ দেশৰ দলিত, আদিবাসী আৰু সংখ্যালঘুক অত্যাচাৰ সন্মুখিন হোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে দিল্লীৰ ৰাজঘাটত অনশনত বহে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে। কংগ্ৰেছে শান্তি আৰু সমন্বয় বিচাৰে বুলি কৈ অনশনত বহে ৰাহুল গান্ধীয়ে।
'ৰাষ্ট্ৰবাদ’ অনশন নামকৰণ কৰি দেশব্যাপি এই অনশন পালন কৰে কংগ্ৰেছে। কেইবাগৰাকী ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত ৰাহুল গান্ধীয়ে অনশন কৰি বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক সৌহাৰ্দ আৰু সমাজত শান্তি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে।
কংগ্ৰেছে সাম্প্ৰদায়িক সৌহাৰ্দ আৰু সমাজত শান্তি বৰ্তাই ৰাখিবলৈ ৰাজঘাটত দলৰ মুৰব্বী ৰাহুল গান্ধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাল লগতে সকলো সমগ্ৰ দেশৰ ৰাজ্যৰ জিলা সদৰত এই কাৰ্যসূচী ৰূপায়ন কৰে।
সমগ্ৰ দেশৰ লগতে মঙলদৈত দৰং জিলা কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে অনশন কাৰ্যসূচী ৰূপায়ন কৰে। বিশেষকৈ দেশৰ দলিত, আদিবাসীসকলৰ লগতে সংখ্যালঘু সকলক বলিৰ পঠা বনোৱাৰ লগতে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ কৰে দৰং জিলা কংগ্ৰেছে। অনশন কাৰ্যসূচীত দৰং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি দেৱব্ৰত দত্ত, প্ৰাক্তন মন্ত্ৰী বসন্ত দাসকে ধৰি নেতা-কৰ্মী উপস্থিত থাকে।