ফখৰুল ইছলাম, দৰংঃ বিগত কিছু দিন ধৰি প্ৰায় নেৰেনেপেৰা বৰষুণ ৰ ফলত টাংনী নৈৰ বাঢ়নী পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি নেপালীবজাৰ হৈ, ভুটপুখুৰী, গলন্দি, নদীৰমুখ, বাহাবাৰী আদি কৰি প্ৰায় কুৰিৰো অধিক গাৱৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে শ শ পৰিয়ালক শংকিত কৰি তুলিছে৷

নৈ খনৰ গৰাখহনীয়াই ইতিমধ্যে বহুতো পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিয়াৰ লগতে কৃষি ভূমি উটুৱাই নিছে৷ নৈখনৰ গতি সলনি হৈ ভুটপুখুৰী-বাহাবাৰী সংযোগী দলংখনৰপৰা ফালৰি কাটি এতিয়া জনবসতিপূৰ্ণ এলেকা ৰাজহুৱা ৰাস্তা ঘাট লৈ গতি কৰিছে৷

ভয় হৈছে যদি আৰু কিছুদিন নেৰেনেপেৰা বৰষুণ হৈ থাকে তেনেহ’লে আৰু বহু কেইটা পৰিয়ালৰ ঘৰ দুৱাৰ নৈৰ প্ৰৱল সোঁতত উটি যাব৷ এই ক্ষেত্ৰত পৰিৱৰ্তনকামী বৰ্তমান চৰকাৰে দলংখনৰ পোনপটীয়াকৈ কেনেল আৰু বল্ডাৰ প্ৰটেকচন দি এই নৈখনৰ বিধ্বংসী ৰূপ ৰোধ কৰি বহুকেইটা গাৱৰ শ শ পৰিয়ালৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি গৰাখহনীয়াৰ কবলৰপৰা ৰক্ষা কৰি দিবলৈ দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক খইবৰ মণ্ডল, সংখ্যালঘু জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক মফিদুল ইছলাম আৰু অঞ্চলটোৰ ৰাইজে দাবী জনাইছে৷

লগতে স্থানীয় বিধায়ক ইলিয়াচ আলীৰ সহযোগীতা কামনা কৰিছে৷ এই গৰাখহনীয়া ৰোধ কৰিবলৈ অতি শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ লগতে জনপ্ৰতিনিধিক সংগঠনৰ লগতে ৰাইজে অনুৰোধ জনাইছে৷ অন্যথা সংগঠনসমূহ ৰ লগতে ৰাইজে বৃহৎ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিছে৷