দলংঘাটঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে অংগনবাড়ী কৰ্মী-সহায়িকাই৷ বাৰে বাৰে চৰকাৰে প্ৰতাৰণাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে দৰং জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবা শতাধিক অংগনবাড়ী কৰ্মী-সহায়িকাই।

অংগনবাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধি কৰা, অংগনবাড়ী কেন্দ্ৰৰ ঘৰসমূহ পুনৰ নিৰ্মাণ কৰা, কৰ্মীসকলক অৱসৰকালীন সাহাৰ্য্য প্ৰদান কৰা, মিনি অংগনবাড়ী কেন্দ্ৰসমূহক পুৰ্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, কেন্দ্ৰসমূহৰ ভাড়াবোৰ নিয়মিতভাৱে আদায় দিয়াৰ দাবীত জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

অসম চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, আমাৰ দাবী মানি লওক, আমাক ন্যায় লাগে আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে কেইবাশতাধিক অংগনবাড়ী কৰ্মী-সহায়িকাই। দৰং জিলাৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ দৰং জিলা সমিতিয়ে মঙলদৈত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷