
মঙলদৈঃ মঙলদৈৰ এগৰাকী ১৬ বছৰীয়া যুৱকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’ব লগা হয়৷ মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ তনবীৰ আলম খুৰচিদ নামৰ যৱকজন যোৱা কিছুদিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত তেওঁৰ আজি মৃত্যু হয়৷
তনবীৰৰ মৃত্যুৰ পাছতে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে আঙুলি উঠাবলৈ আৰম্ভ কৰিছে চহৰখনৰ লোকসকলে৷ জিলাখনত যোৱা কেইটামান দিনৰ ভিতৰত মুঠ চাৰিজন লোকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে যদিও স্বাস্থ্য বিভাগক সষ্টম হৈ পৰা দেখা যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ দৰং জিলাৰ দিঘিৰপাৰৰ নগৰবাহী আৰু পিপৰাদোকানৰ বৰনগাঁৱৰ তিনিগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে।
এই খবৰ জিলাখনত বিয়পি পৰাত জাপানীজ এনকেফেলাইটিছক লৈ শংকিত হৈ পৰাৰ পাছতো ৰোগ নিৰ্মূল তথা সজাগতা সৃষ্টিৰ বাবে বিভাগটোৱে একো কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ জাপানীজ এনকেফেলাইটিছৰ ৰোগে জিলাখনত সন্ত্ৰাস সৃষ্টি নকৰাৰ পূৰ্বে স্বাস্থ্য বিভাগক উচিত পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছে বিভিন্ন দল-সংগঠনে। অন্যথাই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰে কেইবাটাও দল-সংগঠনে৷ আনহাতে ১৬ বছৰীয়া তনবীৰৰ মৃতদেহ মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ নিজ ঘৰ পোৱাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷