26
Feb
2019

খাৰুপেটীয়াঃ দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ কৰিবলৈ অহা দূৰ্ধৰ্ষ চোৰাং চিকাৰী এজনক আটক কৰা হয়৷
যোৱা নিশা ধনশ্ৰী নৈৰ দলঙৰ কাষেৰে তিনিজন ব্যক্তি ৰাষ্ট্ৰীয় উদ্যানখনৰ পিনে গৈ থকা অৱস্থাত দলগাঁও আৰক্ষীয়ে ছলা'গৈতে নামৰ চোৰাং চিকাৰী এজনক অস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় যদিও আন দুজন পলাই যায়৷
উল্লেখ্য যে, আটকাধীন মনিপুৰী চোৰাং চিকাৰীজনৰপৰা এটা ৩•৩ ৰাইফল আৰু ৮ জাঁই গুলী উদ্ধাৰ কৰা হয়৷