ডিজিটেল ডেস্কঃ পুৰুষৰ সৈতে বন্ধুত্ব কৰি পিতৃৰ হাতত প্ৰাণ দিলে প্ৰাণ খুলি হাঁহিবলৈ ভালপোৱা এগৰাকী কিশোৰীয়ে৷ পুৰুষ তথা সমনীয়া কিশোৰৰ সৈতে বন্ধুত্ব কৰি পিতৃৰ পৰা উপহাৰ হিচাপে লাভ কৰে মৃত্যুদণ্ড৷ অনাৰ কিলিং সদৃশ এই জঘন্য ঘটনা সংঘটিত হৈছে তেলেংগানাৰ নালগদা জিলাত৷

জিলাখনৰ নালগদাত মঙলবাৰে ১৩ বছৰীয়া ৰাধিকা নামৰ কিশোৰীগৰাকীক হত্যা কৰে পিতৃয়ে৷ কিশোৰীগৰাকীয়ে সকলোকে মাত-কথা দিয়াৰ লগতে মৰমিয়াল আৰু বন্ধুসূলভ মনৰ আছিল৷

কিশোৰ-কিশোৰী সকলোৰে সৈতে বন্ধুত্ব বজাই ৰাখিছিল ছোৱালীজনীয়ে৷ যি কথা পিতৃৰ সহ্য হোৱা নাছিল৷ পিতৃয়ে নিজ কন্যাৰ এনে ব্যৱহাৰক সদায় সন্দেহৰ দৃষ্টিৰে চাইছিল৷ বহুবাৰ পিতৃয়ে তাইক গালি-গালাজো কৰিছিল৷ খোলা মনৰ কিশোৰীগৰাকী অৱশেষত পিতৃৰ নিৰ্যাতনৰ বলি হৈ মৃত্যুমুখত পৰে৷

জানিব পৰা মতে, যোৱা ১৫ ছেপ্তেম্বৰত ৰাধিকা বিদ্যালয়ৰ পৰা উভতি অহাৰ পিছতে পাষণ্ড পিতৃয়ে বিভিন্ন ধৰণে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে৷ অত্যাচাৰে চৰম পৰ্যায় পায়গৈ মঙলবাৰে৷

মঙলবাৰে তাইক ডিঙি চেপি হত্যা কৰি মৃতদেহ জ্বলাই দিয়ে পিতৃয়ে৷ ঘটনটো সংঘটিত কৰি পাষণ্ড পিতৃয়ে পলাই পত্ৰং দিয়ে যদিও অৱশেষত নালগদা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

ভাৰতীয় দণ্ড বিধিৰ ৩০২ আৰু ২০১ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত কৰাত পিতৃয়ে দীৰ্ঘদিন ৰাধিকাক অত্যাচাৰ চলাই হত্যা কৰাৰ কথা স্বীকাৰ কৰে বুলি জানিব পৰা গৈছে৷