ডিফুঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মাথো কেইটামান ঘন্টাৰ পিছতে ৩১ ডিচেম্বৰৰ মাজ নিশা প্ৰকাশ পাব খিলঞ্জীয়াৰ ৰক্ষা কৱচ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খন খচৰা৷ প্ৰথম খন খচৰা তালিকাৰ পৰা বাদ পৰা আবেদনকাৰী সকলৰ মাজত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যিক এনআৰচি কৰ্তৃপক্ষ, ৰাজ্যৰ প্ৰশাসনিক বিভাগ সমূহে আবেদনকাৰীসকলক আতংকিত নহবলৈ আহ্বান জনাই আহিছে৷ ৰাজ্যজুৰি কমিউনিটি পৰ্যায়ত সজাগতা সভা, বিজ্ঞাপন আৰু সংবাদ মেল যোগে আহ্বান জনাই আহিছে প্ৰশাসনে৷

শনিবাৰে পূৱ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আদিল খানে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদ মেল অনুষ্ঠিত কৰি অহা ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া এনআৰচিৰ খচৰা খন আংশিক খচৰাহে বুলি কয়৷ আবেদনকাৰী সকলৰ নাম খচৰা খনত নাথাকিলেও ভীতিগ্ৰস্ত হ'ব নালাগে৷ যিসকল আবেদনকাৰীৰ নাম পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে সেই সকলৰ নামহে প্ৰথম খচৰাত সন্নিবিষ্ট হৈছে৷ প্ৰথম খচৰাত প্ৰকাশ নোপোৱা আবেদনকাৰীৰ নাম পৰীক্ষণ কাৰ্য সম্পন্ন হোৱাৰ পিছত দ্বিতীয় খন খচৰাত প্ৰকাশ পাব, ইয়াৰ পিছত আবেদনকাৰীয়ে ওজৰ-আপত্তিৰ বাবে যঠেষ্ট সময় পাব৷

তাৰ পিছতহে চূড়ান্ত তালিকা প্ৰকাশ পাব বুলি কয় উপায়ুক্ত খানে৷ আনহাতে পূৱ কাৰ্বি আংলং জিলাৰ ফুলনিৰ ১৯খন, ডিফুৰ ১৭খন আৰু চিলনিজানৰ ৬খন এনআৰচিৰ কেন্দ্ৰত অহা ১জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা নিজৰ নাম অনুসন্ধান কৰাৰ বাবে কেইবাটাও কাউণ্টাৰ খোলা হ'ব বুলি কৈ যত জিলা প্ৰশাসনে কৰ্মী নিয়োগ কৰি অনুসন্ধান কাৰ্যত সহায় কৰিব বুলি কয় খানে৷

ইফালে ৰাজ্যিক এনআৰচি কৰ্তৃপক্ষই আবেদনকাৰীৰ সুবিধাৰ্থে বিজ্ঞাপনত দিয়া অনলাইন, এছএমএছ আৰু টলফ্ৰী নম্বৰত ফোন আদিৰ জৰিয়তেও নিজৰ নাম অনুসন্ধান কৰিবলৈ আহ্বান জনায়৷ এনএছকে কেন্দ্ৰলৈ আহোঁতে নিজৰ এনআৰচি প্ৰ-পত্ৰৰ ওপৰত থকা এআৰএন নম্বৰটো আনিবলৈ নাপাহৰিবলৈকো আহ্বান জনায়৷ আনহাতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি কৰিবলৈ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ বন্দৱস্ত কৰি ৰখা হৈছে বুলি কয় উপায়ুক্তগৰাকীয়ে৷ সংবাদ মেলত ডিআৰচিআৰ টিকে বৰ্মণ, অতিৰিক্ত উপায়ুক্ত ই ফাইৰিং উপস্থিত থাকে৷ সংবাদ মেলৰ পূৰ্বে উপায়ুক্তগৰাকীয়ে জ্যেষ্ঠ নাগৰিক সকলৰ সৈতেও এনআৰচি সন্দৰ্ভত সজাগতামূলক বৈঠকত মিলিত হয়৷