
বটদ্ৰৱাঃ ৰাজ্য চৰকাৰে অহা ৩১ ডিচেম্বৰলৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম-কাজক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া আৰু এখন বিদেশীমুক্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰা আদি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে৷
ছাত্ৰ সংগঠনটোৱে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি নগাওঁ জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে জিলা উপায়ুক্ত চমচেৰ সিঙক সাক্ষাৎ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ হৈ মনি মাধৱ মহন্তৰ উপস্থিতিত জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে বিষয়টোৰ সন্দৰ্ভত উপায়ুক্তগৰাকীৰ সৈতে বিতং আলোচনাত মিলিত হয়৷
আলোচনাৰ অন্তত এজনো খিলঞ্জীয়াৰ নাম বাদ নপৰাকৈ আৰু এজনো বিদেশীৰ নাম অন্তৰ্ভূক্ত নহোৱাকৈ এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰিবৰ বাবে দাবী জনায় সদৌ নগাওঁ জিলা ছাত্র সন্থাই উপায়ুক্ত চমচেৰ সিঙক স্মাৰকপত্ৰ প্ৰদান কৰে৷