মুকালমুৱাঃ আজি হঠাৎ চৰকাৰী কাৰ্যালয়ত দৌৰা দৌৰি লাগিল৷ ওপৰৱালা ছাৰ আহি কাৰ্যালয় ওলোৱাত কৰ্তব্যত গাফিলতি কৰা বিষয়া কৰ্মচাৰীৰ হুৱাদুৱা লাগে৷ ইয়াৰ মাজতে ছাৰে এফালৰ পৰা উপস্থিতি পৰীক্ষা কৰি কৰ্তব্যত গাফিলতি কৰা সকলক ৰঙা দাগ দিয়াত বহুতৰে থৰকাছুটি হেৰোৱা পৰিলক্ষিত হৈছে।

আজি নলবাৰী জিলাৰ উপায়ুক্তই হঠাত উপস্থিত হ’ল মুকালমুৱাত৷ মুকালমুৱাত তথা কেইবাটাও বিভাগৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিৰ তদাৰক কৰে উপায়ুক্তগৰাকীয়ে৷ ছাৰপ্ৰাইজ ভিজিট কৰি কৰ্তব্যত গাফিলতি কৰা কৰ্মচাৰীৰক কৈফিয়ৎ তলৱ কৰাৰ লগতে মাহিলি দৰমহা বন্ধ ৰখাৰো নিৰ্দেশ দিয়ে উপায়ুক্তই৷

উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে বৰক্ষেত্ৰী ৰাজহ চক্ৰ, খণ্ড উন্নয়ন বিষয়াৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীৰ উপস্থিত আৰু কৰ্ম সংস্কৃতিৰ বুজ লয়৷ বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দিনৰ ২ বজালৈ উপস্থিত থাকি বৰক্ষেত্ৰীৰ বহু বিভাগৰ কাৰ্যালয়ৰ উপস্থিতি বহীৰ স্বাক্ষৰ প্ৰত্যক্ষ কৰি উপস্থিত নথকা বিষয়া-কৰ্মচাৰীক অনুপস্থিত বুলি চিহ্নিত কৰে৷

আনহাতে বৰক্ষেত্ৰীৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়াৰ বিষয়া চাৰু বৰাক কৈফিয়ৎ তলব কৰাৰ লগতে মাহেকীয়া দৰমহা বন্ধৰ ৰখাৰ নিৰ্দেশ দিয়ে৷ আভ্যন্তৰীন জল পৰিবহন বিভাগৰ চতেমাৰী শাখা কাৰ্যালয়ত দিনৰ ১২ বজালৈ এজনো কৰ্মচাৰী উপস্থিত নথকাত বিভাগটো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উপায়ুক্ত গৰাকীয়ে ক্ষোভিত হৈ পৰে৷

বৰক্ষেত্ৰীৰ শিক্ষা খণ্ড কাৰ্যালয়, পশু পালন, কৃষি বিভাগৰো ক্ষেত্ৰত বিষয়া কৰ্মচাৰীসকলক কৰ্কথনা কৰাৰ লগতে কৰ্তব্যত গাফিলতি নকৰিবলৈ কয়৷ জিলা উপায়ুক্তৰ আকস্মিক পৰিদৰ্শনৰ ফলত প্ৰায় শতাধিক বিষয়া কৰ্মচাৰীক উপস্থিতিৰ স্বাক্ষৰ বহীত ৰঙা দাগ দিয়াৰ ফলত অন্যান্য বিভাগৰ কৰ্মচাৰীসকল শংকিত হৈ পৰিছে৷