
Daily Post India
মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা অঞ্চলটোৰ সোণাই ৰূপাই অভয়াৰণ্যৰ মাজেৰে অৰুণাচলৰ পৰা বৈ অহা বেলশিৰি নদীৰ বালি চৰত আজি সন্ধিয়া পৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত খবৰ মতে, সোণাই ৰূপাই অভয়াৰণ্যৰ গোলাই চেন্টাৰৰ পশ্চিমে কিছু নিলগত নদীৰ পানীৰ সোঁতত আবেলি পৰত এটা মৃতদেহ উটি আহি বালি চৰত লাগি ধৰাত প্ৰত্যক্ষদৰ্শীয়ে স্থানীয় মিছামাৰী থানাৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আনে।
আৰক্ষীয়ে সদৰি কৰা মতে প্ৰায় চল্লিশ বছৰীয়া লোকজনৰ মৃতদেহটো চিনাক্ত কৰিব পৰা নাই। আনহাতে মৃতদেহটোৰ গাৰ বৰণৰ পৰা জনজাতীয় লোক বুলি সন্দেহ কৰা হৈছে। বাতৰি লিখা পৰলৈকে মৃতদেহটো চমজি লবলৈ কোনো পৰিয়াল আগবাঢ়ি অহা নাই।