নাৰায়ণপুৰঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমীপৰ নাৰায়নপুৰ-বিহপুৰীয়া সংযোগী গড়কাপ্তানী পথৰ কাষৰ খাৱৈত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়৷ শনিবাৰে পুৱা পানীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে পত্যক্ষ কৰে মৃতদেহটো।

প্ৰায় পঞ্চাশ বৰ্ষীয় মৃত ব্যক্তিজন বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই৷ মৃত ব্যক্তি জন কিছুদিনৰ পৰা নাৰায়ণপুৰৰ আশে পাশে ঘুৰি ফুৰিছিল বুলি স্থানীয় একাংশ ৰাইজে জানিবলৈ দিছে।

ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মাৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।