অভয়াপুৰীঃ এগৰাকী লোকৰ চিপলৈ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উত্তৰ শালমাৰাৰ টিলাপাৰাৰ পাহাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

একাংশ খৰি কাটিব যোৱা মহিলাই গছত চিপলৈ ওলমি থকা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি হুৱা-দুৱা লগায়। স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে। উত্তৰ শালমাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

আনপিনে ঘটনা সন্দৰ্ভত হত্যা নে আত্মহত্যা নিশ্চিত হব পৰা নাই যদিও কোনোবা দুবৃত্তই অচিনাক্ত লোক জনক হত্যা কৰি পৰিকল্পিতভাৱে আত্মহত্যাৰ ৰূপ দি গছত ওলোমাই থৈ যায় বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে।