23
Sep
2017

গোৱালপাৰাঃ এজন যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় গোৱালপাৰাত৷ জিলাখনৰ মাটিয়া আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত উত্তাল পৰিবেশৰ সৃষ্টি কৰাত উত্তেজনাৰ সৃষ্টি হয়৷ আৰক্ষীয়ে পৰিস্থিত নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷তাৰ পিছতে একাংশ লোকে মাটিয়া আৰক্ষী থানাত আক্ৰমণ কৰিবলৈ উদ্যত হয়।
গোৱালপাৰা দুধনৈৰ আকিউল ৰাব্বানী নামৰ যুৱকজনক ৭ চেপ্তেম্বৰত অচিনাক্ত দুৰ্বত্তই অপহৰণ কৰে৷ আৰক্ষীয়ে যুকজনক উদ্ধাৰৰ বাবে তীব্ৰ অভিযান চলাই যদিও যুৱকজনৰ শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷
অসম-মেঘালয় সীমান্তত যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ অসম-মেগালয় সীমান্তৰ দুৰ্গম ঠাইত যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে ৰাইজ উত্তেজিত হৈ পৰে৷ একাংশ লোক ৰাজ পথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷