প্ৰতিকী ফটো
প্ৰতিকী ফটো

গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ ৰে'লৱে ষ্টেছনৰ সমীপত শুকুৰবাৰে অচিনাক্ত পুৰুষৰ এটি মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, ৰেলৱে কৰ্মচাৰী এগৰাকীয়ে পথৰ দাতিৰ সামন্য জংঘলত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

গোলকগঞ্জ আৰক্ষীয়ে মৃতদেহ পৰি থকা স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ মৃতদেহটো আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই যদিও কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰে৷