
মুৰফুলনিঃ এটি অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ মুৰফুলনিৰ দৈগ্ৰোঙত৷
দৈগ্ৰোঙৰ দৈগ্ৰোং নৈৰ পাৰত উদ্ধাৰ হয় মৃতদেহটো৷ জানিব পৰা মতে, নৈৰ পাৰত গোন্ধ ওলোৱাত সন্দেহ কৰি কোনো লোকে গোন্ধৰ উৎস বিছৰাত প্ৰত্যক্ষ কৰে মৃতদেহটো৷
অৰ্ধগলিতমৃতদেহটো যোৱা সমীপৰে পংকিয়াল গাঁৱৰ শুনি গগৈ (৭৭) বুলি জানিব পৰা গৈছে। ২৯ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকগৰাকী৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷