
দিচাংমুখঃ যোৱা শুকুৰবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ থকা শিৱসাগৰৰ মৰণৈ কিনাৰৰ ২৪ বছৰীয়া প্ৰীতম কুমাৰ দত্ত নামৰ যুৱকজনৰ মৃতদেহ আজি উদ্ধাৰ হয়৷
শিৱসাগৰ চহৰৰ সমীপৰ দিখৌ নৈৰ হাতীকোষ অঞ্চলত আজি সন্ধিয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।
শিৱসাগৰ জিলাৰ মৰণৈকিনাৰৰ নিবাসী প্ৰীতম কুমাৰ দত্তই আন দিনাৰ দৰে শুকুৰবাৰে নিশা প্ৰায় ৭-৩০ বজাত ঘৰৰ পৰা ওলাই গৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তাত পৰে৷
সমগ্ৰ নিশা পৰিয়ালটোৱে প্ৰীতমক বিচাৰি চলাথ কৰে৷ প্ৰীতমৰ মাতৃ আৰু ভাতৃয়ে প্ৰীতমৰ বন্ধুবৰ্গক সোধ-পোছ কৰে যদিও কোনো সন্ধান নোপোৱাত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে৷
শিৱসাগৰ আৰক্ষীয়েও ২৪ বছৰীয়া প্ৰীতমৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে৷ আজি একাংশ লোকে দিখৌ নৈত এটি মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷
পাছত পৰিয়ালৰ লোকে মৃতদেহটো প্ৰীতমৰ বুলি চিনাক্ত কৰে৷ সুঠাম প্ৰীতমৰ মৃত্যুক সহজে ল'ব পৰা নাই ৰাইজে৷ কোনো লোকে প্ৰীতমক হত্যা কৰাৰ সন্দেহ কৰি তদন্তৰ দাবী জনাইছে ৰাইজে৷