07
Sep
2017

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বোকাজান মহকুমাৰ বৰপথাৰত ধনশিৰি নৈত মৃতদেহটো উটি অহা একাংশ লোকে প্ৰত্যক্ষ কৰে৷
অৰ্ধগলিত মৃতদেহটো দেখাৰ পাছত একাংশ লোকে আৰক্ষীক খবৰ দিয়ে৷ বৰপথাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।
ব্যক্তিজনৰ আনুমানিক বয়স ৩৫ বছৰ বুলি ধাৰণা কৰা হৈছে যদিও মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷ স্থানী. ৰাইজে যুৱকজনক হত্যা কৰি নদীত উটুৱাই দিয়াৰ সন্দেহ কৰিছে৷