প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

কাজিৰঙাঃ নৈৰ পানীত এটি কিশোৰৰ মৃতদেহ উটি অহা ঘটনাই চা্চল্যৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ বোকাখাতত৷ বোকাখাতৰ লতাবাৰী আহোম গাঁৱৰ একাংশ লোকে ডিফলু নৈত অচিনাক্ত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

এখন গামোচা পৰিহিত কিশোৰৰ মৃতদেহটো এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ নৈৰ পানীত উটি আহিছিল মৃতদেহটো৷ কোনো লোকে কিশোৰজনক হত্যা কৰি মৃতদেহটোৰ নৈত পেলাই দি.াৰ সন্দেহ কৰিছে৷স্থানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷