
লংকাঃ হোজাই জিলাৰ লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোনো অজ্ঞাত লোকে হত্যা কৰি সম্পূৰ্ণ উলংগকৈ মাটিত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰকৈ লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
এই কৰুণ তথা মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে লামডিঙৰ এক নম্বৰ হাটীখুলি ৰবৰ বাগানত। ঘটনাৰ সন্দৰ্ভত পোৱা প্ৰাপ্ত খবৰ অনুসৰি, লামডিং আৰক্ষী চকীৰ অন্তৰ্গত লামডিঙৰে নিৰজলা দাস নামৰ এগৰাকী মহিলাই বুধবাৰে খৰি আনিবলৈ বুলি জংঘললৈ ওলাই গৈছিল।
কিন্তু সন্ধিয়া হোৱাৰ পাছতো মহিলাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি একো সম্ভেদ উলিয়াব নোৱৰাত লামডিং আৰক্ষীৰ কাষ চাপি ঘটনাৰ সবিশেষ অৱগত কৰে।
ইফালে, আজি পুৱা স্থানীয় লোকে ৰবাৰ বাগানত এটা অংশত নতুন মাটি প্ৰত্যক্ষ কৰি গাত খন্দাৰ অনুমান কৰে। গাতটোত মৃতদেহ পুতি থোৱাৰ অনুমান কৰি লামডিং আৰক্ষীক অৱগত কৰে। পিছত ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ মাটিত পুতি থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে।
কোনো লোকে ধৰ্ষণ কৰি এনেদৰে নৃশংসভাৱে মহিলাগৰাকীক হত্যা কৰি মাটিত পুতি থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উক্ত স্থানত বিভিন্ন হত্যাকাণ্ড সংঘটিত হৈ আহিছে। আৰক্ষীৰ তদন্তৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।