31
Jul
2017

কামপুৰঃ নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ জৰাবাৰীত কপিলী নৈৰ পাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
যুৱকজন জৰাবাৰীৰ উমা চাংমা বুলি চিনাক্ত কৰা হৈছে। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হোৱালৈ চাই কোনো দূৰ্বৃত্তই হত্যা কৰি কপিলীৰ পাৰত পেলাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
জানিবপৰা মতে যোৱা নিশা ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন। পুৱা কপিলী নৈৰ পাৰত যুৱকজনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
ইতিমধ্যে ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।