জয়সাগৰঃ শিৱসাগৰ জিলাৰ মাদুৰিত মঙলবাৰে এটি মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, মঙলবাৰে পুৱাই ডিমৌ নৈত তথা মাদুৰি দলঙৰ সমীপত এটা মৃতদেহ প্ৰত্যক্ষ কৰে৷

লগে লগে একাংশ লোকে আৰক্ষীক খবৰ দিয়ে৷ মৃতদেহটো মাদুৰি অঞ্চলৰ জুগনো মাৰাৰ নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হয়।

তিনি দিন ধৰি নিখোজ হৈ থকা লোকজন সুৰাৰ ৰাগীত নৈত পৰাৰ সন্দেহ কৰে একাংশ লোকে৷ মৃত জুগনো মাৰাৰে পত্নীৰ উপৰি পাঁচ গৰাকী ছোৱালী আৰু তিনি জন পুত্ৰ ইহ সংসাৰত এৰি থৈ যায়।