নগাঁওঃ নগাঁও জিলাৰ কলং সূতিত এটি পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কলং সূতিৰ ডিফলু দলঙৰ সমীপত পুৱাই একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো৷ মৃতদেহটো শংকৰ দাস নামৰ লোকজনৰ বুলি চিনাক্ত কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ জানিব পৰা মতে, বিগত দুদিন ধৰি মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈ আছিল শংকৰ৷