16
Aug
2017

ৰঙিয়াঃ নৈ পাৰ হৈ গৰু আনিবলৈ যাওতে নৈত পৰি কালিৰে পৰা নিৰুদ্দেশ হৈ থকা ৰঙিয়াৰ ৰুহুলৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ প্ৰায় ৩০ ঘন্টাৰ মূৰকত ৰঙিয়াৰ মাজেৰে বৈ যোৱা নোনা নৈৰ পৰা ৰুহুলৰ মৃতদেহ কেইবাঘন্টা অভিযান চলাই উদ্ধাৰ কৰে এন ডি আৰ এফৰ এটি দলে৷
ৰঙিয়া চহৰৰ সমীপৰ দদেতিয়াৰ ১১ বছৰীয়া ৰুহুল আলীয়ে মঙলবাৰে নোনা নৈৰ সাঁকো পাৰ হৈ গৰু আনিব পথাৰৰ পৰা গৰু ঘৰৰ পোহনীয়া গৰু আনিবলৈ গৈছিল। কিশোৰগৰাকীয়ে সাঁকোত উঠি কিছু যোৱাৰ পাছতে পিছলি নোনা নৈত পৰে।
মূহুৰ্ততে ৰুহুলক প্ৰবল সোতে উটুৱাই নিয়ে৷ স্থানীয় ৰাইজে নদীত নামি বিছাৰে-খোচাৰ কৰে যদিও কিশোৰ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহল। আজি পুৱাৰে পৰা নলবাৰী জিলাৰ পৰা অহা এটি এন ডি আৰ এফৰ দলে নৈ খনত অভিযান চলাই ৰুহুলৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।