newsnextone.com | বিহালীঃ যোৱা কেইবা দিন ধৰি ৰাজ্যত অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ ফলত নদ-নদী, উপ-নদীৰ ভয়ংকৰ ৰূপত নদ-নদীৰ পৃষ্ঠ অভাৱনীয় হাৰত বৃদ্ধি হোৱাত বাঢ়নী পানী বন্য জীৱ জন্তুৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে৷ 

প্ৰাপ্ত তথ্য মতে, বিশ্বনাথ জিলাৰ বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিহালীৰ লালপুখুৰীত আজি উদ্ধাৰ হয় এটি ডেৰ বছৰীয়া মাইকী হাতী পোৱালীৰ মৃতদেহ৷ বিহালীৰ লালপুখুৰী গাঁৱৰ সমীপৰে বৈ অহা বুৰৈনদীৰ প্ৰৱল বাঢ়নী পানীত উদ্ধাৰ হয় মৃত হাতী পোৱালীটো৷ 

অৰুণাচলৰ পাহাৰৰ পৰা বুৰৈনদীৰ ঢলে উটুৱাই আনিছিল হাতী পোৱালীটোৰ মৃতদেহ৷  নদীৰ বক্ষত মৃত বন্যহস্তীৰ পোৱালিটো প্ৰত্যক্ষ কৰাত স্থানীয় ৰাইজৰ মাজত লাগে হুৱা দুৱা৷ পৰবৰ্তী সময়ত স্থানীয় ৰাইজে বনবিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় পুৱ-শোণিতপুৰ বন সংমণ্ডল বিষয়া সুহাশ কদম৷ ইতিমধ্যে, মৃত হাতী পোৱালিটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে৷