15
Jul
2017

অভয়াপুৰীঃ অভয়াপুৰীৰ দেওঁহাটী-চেনীখোৱা গড়কাপ্তানি পথৰ দাতিৰ পুখুৰীত আজি এটি পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত৷
পথৰ দাতিৰ এটি পৰিত্যক্ত পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো দেওহাটী ভাটিপাৰাৰ তৰুণ ৰায় বুলি চিনাক্ত কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, গাঁওখনৰ তৰুণ ৰায় নামৰ লোকজন কালি নিশা ঘৰৰ পৰা ওলাই আহি ঘৰলৈ উভতি নহাত গোটেই নিশা পৰিয়ালটোৱে দুঃচিন্তাত পাৰ কৰে৷
পৰিয়ালৰ লোকসকলে লোকজনক গভীৰ নিশালৈ বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ উলিয়াব নোৱাৰিলে৷ আজি পুৱা স্থানীয় কেইজনমান লোকে পুখুৰীটোত এটি মৃতদেহ তলমুৱা কৈ পৰি থকা প্ৰত্যক্ষ কৰে৷
লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছতে মৃতদেহটো তৰুণ ৰায়ৰ বুলি চিনাক্ত কৰে আৰক্ষী আৰু ৰিয়ালৰ লোকে৷