
অভয়াপুৰীঃ আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী কাকৈজানাৰ শিমলীগুৰী গাঁৱৰ ককেয়া নৈত অৰ্ধগলিত অৱস্থাত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
প্ৰাপ্ত তথ্য মতে আজি দিনৰ ভাগত কাকৈজানাৰ শিমলিগুৰী গাঁৱৰ মাজেৰে বৈ যোৱা ককেয়া নৈত কেইগৰাকীমান মাছমৰীয়াই মাছ মাৰিবলৈ আহি এটি মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়াত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে। খবৰ পায়েই ততালিকে উত্তৰ শালমাৰা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
উল্লেখ্য যে, উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় ১৮বছৰীয়া যুৱতীৰ বুলি চিনাক্ত কৰাৰ লগতে যুৱতী গৰাকীৰ মৃত্যু দুদিনমান পূৰ্বে হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আনহাতে যুৱতী গৰাকীক কোনোবাই হত্যা কৰি নৈত উটুৱাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে।
ইপিনে এনেকৈ অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।