লংকাঃ লংকাৰ কাকী আৰক্ষী থানৰ অন্তৰ্গত চলচলি গাওঁৰ পৰা ১৬ জুনত এগৰাকী ২০ বছৰীয়া মুক যুৱতী নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, ১৬ জুন শুকুৰবাৰে পুৱা আঠ মান বজাত ঘৰৰ পৰা কিবা কাৰণত ওলাই যোৱাৰ পাছতে পিলপিলি বেগম নামৰ যুৱতী গৰাকী নিৰুদ্দেশ হৈ আছে। 

পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ সন্ধানত নিজৰ আত্মীয় স্বজনৰ ঘৰ তথা বিভিন্ন স্থানত খবৰ লোৱাৰ পাছত কোনো সম্ভেদ নোপোৱাত ১৯ জুনত কাকী আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে।

কথা কব নোৱাৰা, দেখাত দেখনীয়াৰ যুৱতী গৰাকী এনেদৰে নিৰুদ্দেশ হোৱাৰ ঘটনাই পৰিয়ালটোক চিন্তিত কৰি তোলাৰ লগতে ঘৰখনত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।

যুৱতী গৰাকী মাতৃয়ে পিলপিলি কোনো দুষ্ট চক্ৰৰ কৱলত পৰি আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। উক্ত যুৱতী গৰাকীৰ কিবা সম্ভেদ কোনো লোকে পালে ৯৪৭৮৯৬৫৬৯৪৭৫ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃয়ে।