গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ জ্যোতিনগৰত প্ৰাক্তন মন্ত্ৰী, জাতীয়তাবাদী নেতা প্ৰাক্তন কমলপুৰৰ বিধায়ক প্ৰয়াত মইদুল ইছলাম বৰাক আজি স্মৰণ কৰে৷ অগপ নেতাগৰাকীৰ জ্যোতিনগৰত বাসগৃহত পৰিয়াল তথা তৃণমুল পৰ্যায়ৰ অগপ নেতা-কৰ্মীৰ সহযোগত প্ৰয়াত নেতাগৰাকীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন কৰা হয়৷

পুৱাই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷ সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছতে প্ৰয়াত অগপ নেতাগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি স্থানীয় অগপ নেতাসকলে স্মৰণ কৰে মইদুল ইছলাম বৰাক৷

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত তথা আন আন অগপ নেতা সকলে প্ৰয়াত অগপ নেতা মইদুল ইছলাম বৰাক পাহৰি যোৱা বুলি একাংশ লোকে অভিযোগ কৰে৷ একালত অগপ দল উত্থানৰ বাবে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি দলক শক্তিশালি কৰিছিল প্ৰয়াত বৰাই৷ দলৰ বাবে বহু ত্যাগ কৰা বৰাক মৃত্যুৰ পাছত স্মৰণ কৰিবলৈ পাহৰিলে অগপৰ কেন্দ্ৰীয় নেতৃত্বই৷