ডিজিটেল ৰিপ'ৰ্টঃ ‘‘য়ু ষ্টুপিড নিতুপৰ্ণ, ছামবডী শ্বট হিম ডেড।’’ আপুনি নিশ্চয় ভাবিছে এয়া কোনোবা একচন ফিল্মৰ থ্ৰিলাৰ ডায়লগ। কিন্তু আপুনি যদি তেনেকৈ ভাবিছে, তেন্তে আপুনি ভুল ভাবিছে। এয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা কমেন্ট হে। 

ছ’চিয়েল মিডিয়া বৰ্তমান এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। শুভলক্ষ্মী হওক বা তেজ বাহাদুৰ, ছ’চিয়েল মিডিয়াৰ জৰিয়তেই জনমত গঢ়িবলৈ সক্ষম হৈছে বহুজনে। ফেচবুক এতিয়া কেৱল মনোৰঞ্জনৰ মাধ্যম হৈয়ে থকা নাই, ই সমাজৰ বহু যোগাত্মক আৰু ঋনাত্মক কামটো অৰিহণা যোগাইছে। 

বহু ক্ষেত্ৰত সু-চিন্তাৰ উন্মেষ ঘটাৰ বিপৰীতে একাধিক বিতৰ্কৰো কেন্দ্ৰস্বৰূপ হৈ পৰিছে এই ফেচবুক। বিশেষকৈ অসমত ফেচবুকত এক অশুভ পৰম্পৰাই 
গঢ় লৈ উঠা দেখা গৈছে। মত-আদৰ্শ নিমিলিলেই একাংশ লোকে আন একাংশ লোকক হত্যাৰ ভাবুকি, চৰিত্ৰ হনন আদি কৰিবলৈ উঠি পৰি লগাতো স্বাভাৱিক ঘটনালৈ পৰ্যবসিত হোৱা দেখা গৈছে।  

দিনদিয়েক পূৰ্বে জুবিন গাৰ্গৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হাগ্ৰামা মহিলাৰীকে আদি কেইবাগৰাকীও হাই প্ৰফাইল আৰু জনপ্ৰিয় ব্যক্তিক ফেচবুকযোগে ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এইবাৰ এনে ভাবুকি লাভ কৰিছে ব্যতিক্ৰমী চিন্তাৰে অসমত কাৰ্টুনৰ এক নতুন ধাৰাৰ সৃষ্টি কৰা জনপ্ৰিয় কাৰ্টুনিষ্ট  নিতুপৰ্ণ ৰাজবংশীয়ে।

বানপীড়িতসকলৰ খবৰ লবলৈ আহৰি নোপোৱা গো-ভক্ত চৰকাৰক বানপীড়িতই গো-মূত্ৰ আৰু গোবৰেৰে অপ্যায়নৰ দৃশ্য অংকিত এটি কাৰ্টুন ফেচবুকত আপলোড কৰাৰ পাছতেই কমেন্ট বক্সত হত্যাৰ ভাবুকি দিয়ে অনিন্দ্য প্ৰণয় ভাৰতী নামৰ এজন ফেচবুক ইউজাৰে। নিজকে শিক্ষক হিচাপে ফেচবুক একাউণ্টত উল্লেখ কৰা লোকজনে জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকীক এনেদৰে ভাবুকি প্ৰদান কৰাত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত কাৰ্টুনিষ্টগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিয়া এটি ফেচবুক পোষ্টত আচৰিত হৈ পৰা বুলি সদৰী কৰে। ''মোৰ কাৰ্টুনক বেয়া পাওক আপত্তি নাই। মোক গালিও দিয়ক, বেয়া নাপাও। পিছে, এখন কলেজৰ শিক্ষক বুলি প্ৰফাইলত উল্লেখ থকা 'মাননীয় ব্যক্তিজনে’ সমালোচনাৰ উত্তৰ হত্যা বুলি মুকলিকৈ কৰা মন্তব্যই আচলতে কি সূচাইছে? এনে মানসিকতাৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীক কি শিকাব, এনে শিক্ষকৰ হাতত দেশৰ ভৱিষ্যৎ সদৃশ শিক্ষাৰ্থীয়ে মুকলিকৈ নিজৰ মতামত ব্যক্ত কৰাৰ অৱকাশ পাবনে?’’

ইফালে ঘটনা সন্দৰ্ভত সৰভোগ থানাত এজাহাৰ দাখিল কৰে শিল্পীগৰাকীয়ে। উল্লেখ্য যে আৰম্ভণিৰে পৰা সাম্প্ৰতিক ৰাজনীতি সন্দৰ্ভত একাধিক চিত্তাকৰ্ষক আৰু প্ৰাসংগিক কাৰ্টুন অংকনেৰে ছ’চিয়েল মিডিয়াত একাংশ লোকৰ মৌখিক আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকী।