গোলাঘাটঃ গোলাঘাটত আৰক্ষীয়ে বৰ্বৰ ভাৱে প্ৰহাৰ কৰা ছাত্ৰ নেতা দেৱব্ৰত শইকীয়াক গোলাঘাটৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়৷ সংকট জনক অৱস্থাত পৰিয়াল তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতাই দেৱব্ৰত শইকীয়াক চিকিৎসালয়ত ভৰ্তি কৰে৷

১৯ ডিচেম্বৰত প্ৰতিবাদ কৰিবলৈ যোৱাৰ সময়ত গোলাঘাট আৰক্ষীয়ে ৰাজ পথত বগৰাই লাঠীৰে বৰ্বৰ ভাৱে প্ৰহাৰ কৰিছিল বিদ্যুৎ বিকাশ শইকীয়া আৰু দেৱব্ৰত শইকীয়াক নামৰ দুই নেতাক৷ এই ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ এই কাণ্ডক সহজে লব পৰা নাছিল গোলাঘাটবাসীয়ে৷ তাৰ মাজতে বৃহস্পতিবাৰে হঠাৎ দেৱব্ৰত শইকীয়াৰ অৱস্থা বেয়াৰ দিশে ঢাল খায়৷

ততাতৈয়াকৈ গোলাঘাটৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় নেতাজনক৷ বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাহ বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ লগতে অভিযুক্ত চাহ বাগিচাৰ মালিকক আৰক্ষীয়ে ৰাজ আতিথ্য দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব যোৱাৰ সময়তে দুয়ো নেতাক ৰাজ পথত বগৰাই আৰক্ষীয়ে লাঠীৰে প্ৰহাৰ কৰি আহত কৰিছিল৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ ইমানে নহয় বৰ্বৰ আক্ৰমণক বিভিন্ন জনে গৰিহণা দিয়ে৷ তাৰ পিছতে গোলাঘাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতি, চুতীয়া ছাত্ৰ সন্থা, সংগ্ৰামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আমছু আৰু আহোম সেনাই গোলাঘাট জিলা বন্ধ ঘোষণা কৰে।