30
May
2017

ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজমজিয়াত ধাৰাবাহিক ভাবে ধন লুটৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে আজি পুনৰ এক ধন লুটৰ ঘটনা সংঘটিত হয়। ৰঙিয়া এন টি ৰোডত থকা সঞ্জয় ষ্টোৰৰ গৰাকী অজয় আগৰৱালে এটা বেগত নথি-পত্ৰ সহ প্ৰায় ডেৰ লাখ টকা লৈ ঘৰৰ পৰা দোকানলৈ আহি আছিল।
ব্যৱসায়ী জনে ৰঙিয়া শান্তিপুৰ পোৱা মাত্ৰকে বাইকত অহা দুজন যুৱকে টকাৰ বেগটো কাঢ়িলৈ যায়। ঘটনাটো সংঘটিত কৰিয়ে যুৱক দুজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
পিছত ব্যৱসায়ী জনে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তীব্র অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কাকো আটক কৰিব পৰা নাই।