05
May
2017

বঢ়মপুৰঃ নগাঁও জিলাৰ বিদ্যালয়সমূহত ধাৰাবাহিকভাৱে কম্পিউটাৰ চুৰিৰে ত্ৰাসৰ সৃষ্টি কৰা চোৰৰ বিৰুদ্ধে চলি থকা ব্যাপক অভিযানৰ মাজতে চামগুৰিত নগাঁও আৰক্ষীৰ অভিযানত বৃহৎ কম্পিউটাৰ চোৰ চক্ৰ এটা উৎখাত হয়।
চামগুৰিৰ টেকেলিপোতাৰ পৰা দুজনকৈ দুধৰ্ষ কম্পিউটাৰ চোৰ কৰায়ত্ত হোৱাৰ লগতে ৯ টা কম্পিউটাৰ আৰু এখন চাইকেলসহ এখন মিনি ভান উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ অভিযানকাৰী দলটো। ধৃত কম্পিউটাৰ চোৰ দুজন ক্ৰমে টেকেলিপোতাৰ ছফিৰুদ্দিন আৰু চাইদুল ইছলাম।
দীৰ্ঘদিন ধৰি এই দলটোৱে নগাঁৱৰ বিভিন্ন স্থানত সংঘটিত বিদ্যালয়ৰ কম্পিউটাৰ চুৰি কাৰ্যত জড়িত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
চামগুৰি আৰক্ষীৰ সহযোগত অভিযানকাৰী বিশেষ আৰক্ষীৰ দলটোক নেতৃত্ব দিছিল নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।