গোলকগঞ্জঃ নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কোমৰাকাটা গাঁৱত পাহাৰৰ পৰা নামি অহা এটা হৰিণা কোনো লোকে হানি-খুচি নিধন কৰাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ আন এটা হৰিণা উদ্ধাৰ হয় ৰাজ্যত৷

এইবাৰ ৰাইজে জীৱন্তে হৰিণা উদ্ধাৰ কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জৰ বানীয়ামাৰীৰ শিকাইটাৰীত৷ শনিবাৰে পুৱা পাহাৰৰ পৰা নামি অহা হৰিণাটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ৰাইজে। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বানীয়ামাৰীৰ শিকাইটাৰী গাঁৱত হৰিণাটোৱে মাকৈ খেতিত ঘুৰি থকা প্ৰত্যক্ষ কৰিছিল ৰাইজে। 

স্থানীয় ৰাইজৰ সহযোগত হৰিণাটো উদ্ধাৰ কৰি মটেৰঝাৰ বন বিভাগৰ কাৰ্যালয়ত খহৰ দিয়ে৷ ধুবুৰী পৰা বন বিভাগৰ দল এটা শিকাইটাৰীত উপস্থিত হৈ হৰিণাটো উদ্ধাৰ কৰি ধুবুৰী বন সংমণ্ডললৈ লৈ যায়। বন বিভাগে জনোৱা মতে, হৰিণা পোৱালিটোৰ দেহত আঘাতৰ চিন থকাৰ লগতে বয়স বহু কম বুলি কয়৷

হৰিণা পোৱালিটো চিকিৎসা প্ৰদান কৰি বনাঞ্চলত এৰি দিব জানিব লৈ দিয়ে। উল্লেখ যে, বনাঞ্চল ধংস কৰাৰ ফলতেই খাদ্যৰ সন্ধানত দীৰ্ঘ দিনৰ পৰা এনেদৰে বন্যপ্ৰাণী বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে৷