
ডিজিটেল ডেস্কঃ দিল্লীৰ এটি প্লাষ্টিকৰ চেণ্ডেল কোম্পানীত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ ১৭গৰাকী লোকৰ মৃত্যু হয়৷ দিল্লীৰ বাওঁৱান উদ্যোগীক অঞ্চলত সংঘটিত হয় এই ঘটনা৷ সন্ধিয়া প্ৰায় ৬-২০ বজাত সংঘটিত হোৱা এই ঘটনাই আতংকৰ সৃষ্টি কৰে অঞ্চলটোত৷ ভ
য়াবহ অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷ প্লাষ্টিক কোম্পানী হোৱাৰ ফলত অগ্নিকাণ্ড ইমানে ভয়াবহ আছিল যে ১০ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হোৱা নাছিল৷ বিদ্যুৎৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়৷ প্লাষ্টিকৰ গুডামৰ ভিতৰত বহু লোক থকাৰ আশংকা কৰৈ হৈছে৷ উদ্ধাৰ অভিযান অব্যাহত আছে৷