
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পাছত এইবাৰ দিল্লীৰ কৃষকসকল ৰাজপথলৈ ওলাই আহিছে নায্যপ্ৰাপ্তিৰ দাবীত৷ কৃষকৰ ঋণমাফি, স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী ৰূপায়নৰ দাবীত কৃষকসকলে ভাৰতীয় কৃষক সংগঠনৰ নেতৃত্বত আজি মহাসমাৱেশৰ আয়োজন কৰে৷ কৃষকসকলে জানিবলৈ দিয়া মতে, বহু কৃষকে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি লৈছে৷
Farmers stage protest at Parliament Street in New Delhi, say, 'We are under debt & everyday farmers are committing suicide. We are here to tell the govt to implement Swaminathan Report & waive off loans, otherwise they will face the consequences in 2019 polls' pic.twitter.com/fCjS8wf0Kb
— ANI (@ANI) March 13, 2018
এই সমস্যাসমূহ সমূহ দিনে দিনে বাঢ়িহে আহিছে৷ চৰকাৰে সমস্যাসমূহ পূৰণ কৰাৰ আশ্বাস দিয়ে যদিও কোনো প্ৰতিশ্ৰুতিয়ে পূৰণ কৰিব পৰা নাই৷ কৃষকৰ বৰ্দ্ধিত সমস্যাসমূহ দেখিও চৰকাৰৰ প্ৰতিনিধিসকল নিশ্চুপ হৈ থকাত ক্ষোভিত হৈ পৰিছে কৃষকসকল৷ ইয়াৰোপৰি কৃষকসকলে কয় যে স্বামীনাথন আয়োগৰ পৰামৰ্শৱলীত কৃষকৰ আয়ৰ পৰিমাণ দুগুণ কৰাৰ কথা কোৱা হৈছিল যদিও বৰ্তমানলৈকে কোনো ধৰণৰ আঁচনিয়েই ৰুপায়ণ নকৰিলে৷
বৰঞ্চ কৃষকসকলে উৎপাদিত শস্যৰ উচিত মূল্য লাভ নকৰাৰ বাবেই নিৰাশ হৈ নায্যপ্ৰাপ্তিৰ দাবীত এনেদৰে সমবেত হৈছেহি৷ তদুপৰি ভাৰতীয় কৃষক সংগঠনে কৃষকসকলক বিদ্যুতৰ বিল আদায় দিয়াৰ নামত হাৰাশাস্তি কৰাৰ কথাও উত্থাপন কৰে৷ লগতে উৎপাদিত ফচল সমূহৰ উচিত মূল্য নোপোৱাৰ তথা হ্ৰাস হোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি উৎপাদিত পাচলি ৰাস্তাত পেলাই দিব লগা হোৱা বুলি উল্লেখ কৰে কৃষকসকলে৷ এই সমস্যাসমূহ চৰকাৰে পূৰণ নকৰিলে ইয়াৰ ফল ২০১৯ চনৰ নিৰ্বাচনত ভোগ কৰিব লাগিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী কৃষকসকলে৷