
দিল্লীঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলি দেশত ব্যাপক চৰ্চা হৈছে৷ বছৰি ২ কোটি নিৱনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মোডী চৰকাৰে বছৰত দুই লাখো চাকৰি দিব পৰা নাই বুলি চৰ্চা হৈছে৷ পূৰ্বৰ চৰকাৰে দিয়া চাকৰিৰ সমানো চাকৰি দিবলৈ সক্ষম হোৱা নাই এইখন বিজেপি চৰকাৰে৷ দেশত ধৰ্মৰ নামত, জাতিৰ নামত, খাদ্যৰ নামত, লাভ জিহাদৰ নামত হত্যা, হিংসা অত্যাচাৰ হৈ অহা হে দেখা গৈছে৷
যাৰ ফলত দেশৰ যুৱ প্ৰজন্ম তথা দেশৰ সচেতন মহল চিন্তিত হৈ পৰিছে৷ এনেবোৰ কাৰণ তথা চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে মঙলবাৰে দিল্লীত সমবেত হ’ব দেশৰ যুৱ প্ৰজন্ম৷ দেশৰ যুৱ প্ৰজন্মই কপাব দেশৰ ৰাজধানী৷ দেশৰ বৰ্তমানৰ যুৱ প্ৰজন্মৰ নেতা গুজৰাটৰ নিৰ্দলীয় বিধায়ক, দলিত আন্দোলনৰ নেতা জিগনেছ মেৱানী, অসমৰ কৃষক নেতা অখিল গগৈ, ছাত্ৰ নেত্ৰী চেহলা ৰশ্বিদ, বেজুৱাদা উইলছন, ছাত্ৰ নেতা ওমৰ খালিদ, লক্ষ্নৌৰ পূজা শুক্লা, ভোজপুৰৰ মনোজ মঞ্জিল সহ কেইবাগৰাকী যুৱ নেতাৰ উপস্থিতিত মঙলবাৰে সংসদ ভৱনৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব৷
সমগ্ৰ দেশত হ’বলগীয়া এই ধৰণৰ প্ৰতিবাদ দিল্লীৰ পৰা আৰম্ভ হ’ব৷ নিৱনুৱাক সংস্থাপন দিয়াত কেন্দ্ৰৰ মোডী চৰকাৰৰ ব্যৰ্থতা আৰু দলিত আৰু মুছলমানৰ ওপৰত সোঁপন্থীৰ বাঢ়ি অহা আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদৰ নেতৃত্ব দিব দেশৰ যুৱ প্ৰজন্মৰ নেতাসকলে৷ সমগ্ৰ দেশৰ কৃষক, ছাত্ৰ, দলিত, মুছলমান সংগঠনৰ লগতে ২৫টা চৰকাৰ বিৰোধী সংগঠনে অংশ গ্ৰহণ কৰিব৷ দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ ফলতো বহু মানুহে এই আন্দোলনত অংশ লব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে৷ আনহাতে দলিত নেতা জিগনেছ মেৱানীয়ে আন্দোলনত বিৰোধী পক্ষৰ কোনো সহায় বিছৰা নাই বুলি কৈ দেশৰ যুৱ সমাজে দাঙি ধৰা সমস্যা সমূহক লৈ বিৰোধী পক্ষৰ মতামত জানিব বিছৰা বুলিহে কয়৷