ডিজিটেল ডেস্কঃ বাণিজ্যৰ স্নাতক পাঠ্যক্ৰমত ছোৱালীয়ে পিন্ধা স্কাৰ্টৰ সমান চুটি ইমেইলৰ কথা লিখা থকাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক পাঠ্যক্ৰমত এনেধৰণৰ কথা অন্তৰ্ভুক্ত হোৱাত বহুতে শিক্ষাত মূল্যবোধক লৈ প্ৰশ্ন উত্থাপন কৰিছে। 

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ৰ এখনৰ বাণিজ্য বিভাগৰ প্ৰাক্তন মুৰব্বী চি বি গুপ্তাই লিখা 'বেচিক বিজনেছ কমিউনিকেশ্যন’ নামৰ পাঠ্যপুথিখনত এনেদৰে সন্নিবিষ্ট হৈছে অপমানসূচক কথা। 

পাঠ্যপুথিখন দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ভালেমান মহাবিদ্যালয়ত প্ৰসংগ পুথি হিচাপে দিহা দিয়া হয়। বিগত এটা দশক জুৰি শিক্ষা খণ্ডত জনপ্ৰিয় পাঠ্যপুথিখনত স্পষ্টকৈ লিখা হৈছে যে "Email messages should be like skirts--short enough to be interesting and long enough to cover all the vital points."