বিহালীঃ বানপানী গ’ল৷ ভাঙি ছিঙি থৈ গ’ল বাট-পথ৷ বানৰ কবলত পৰি ককবকাই থকা লোকসকলে বানৰ পানী কমিল যদিও বানপীড়িত লোকৰ দুখ কুলাই-পাছিয়ে নধৰা হৈছে৷

শ শ লোকৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ ফলত আজিও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ বিশেষকৈ বাট-পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভূগিব লগা হৈছে বানাপীড়িত অঞ্চলৰ লোকে৷ বাট-পথ সমূহ ৰাজ্য তৰকাৰে শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা নকৰাত আহ-যাহত ব্যাপক সমস্যাত পৰিছে বানপীড়িত অঞ্চলৰ লোকে৷

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত গুটিবাৰী-কলাপানী সংযোগী পথৰ এটি কালভাৰ্ট ১৮ আগষ্টত বাঢ়নী পানীয়ে উটুৱাই নিয়ে।

কালভাৰ্টটো উটুৱাই নিয়াৰ পিছৰে পৰা কলাপানী আৰু গুটিবাৰীৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে। যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যাত পৰিছে লোকসকলে। স্থানীয় ৰাইজে কালভাৰ্টটো পুণৰ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৃৰ্তৃপক্ষক, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক আহবান জনায়।